আজি মনোনয়ন পত্ৰ দাখিল কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

120

আজি মনোনয়ন পত্ৰ দাখিল কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰূপে আজি দিনৰ ১২ বজাত মনোনয়ন পত্ৰ দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই। সোণাৰাম খেলপথাৰৰ এক বৃহৎ সমদল বাহিৰ কৰি কামৰুপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব মন্ত্ৰীগৰাকীয়ে। আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন দাখিল অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উত্তৰ পূবৰ ৫ গৰাকীকৈ মুখ্যমন্ত্ৰী।

অসমৰ ৰাজনীতিত দ্বিতীয় গৰাকী প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দাখিল কৰিব মনোনয়ন। নিৰ্বাচনক লৈ চৰ্চা আৰম্ভ হোৱাৰ সময়ত তেওঁ এইবাৰ প্ৰতিদ্বন্দ্বিতা নকৰো বুলি মন্তব্য কৰিলেও জালুকবাৰী সমষ্টিত পুনৰ এবাৰ তেওঁকেই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলীয় নেতৃত্বই। আনহাতে এইবাৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ মুখ্যমন্ত্ৰীৰ দৌৰত থকা বুলিও আৰম্ভ হৈছে চৰ্চা।