আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

105

ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১৬ খন জিলাত ৭১ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৩১৩৮০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। আজি ৰাজ্যখনৰ ২ কোটি ১৪ লাখ ৮৪ হাজাৰ ৭৮৭ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

উল্লেখ্য যে, কোভিড পৰিস্থিতিৰ বাবে ভোটকেন্দ্ৰ সমূহত কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভোটাৰক মাস্ক পিন্ধি অহাটো বাধ্যতামূলক কৰাৰ লগতে ভোটকেন্দ্ৰত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে প্ৰশাসন। আজি ভোট কেন্দ্ৰসমূহৰ ৩৫ টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। প্ৰতিটো ভোটকেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

উল্লেখ্য যে, বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ক্ৰমে ৩ আৰু ৭ নৱেম্বৰত। ১০ নৱেম্বৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। ইপিনে বাকী দুটা পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে বিহাৰত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে এনডিএ মিত্ৰজোঁট আৰু বিৰোধী মহা মিত্ৰজোঁটে। আজি বিহাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও।