আজি বিশ্ব এইডছ দিৱস
প্ৰতিবছৰে এক ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয় ৷ সমগ্ৰ এই দিৱসৰ লগত সংগতি ৰাখি আজি গোলাঘাটতো দিনজোৰা কায্যসূচীৰে এই দিৱস পালন কৰা হৈছে ৷ পুৱা ১১ বজাত ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এটা সজাগতামূলক শোভাযাত্ৰা উলিওৱাৰ পিছত গোলাঘাট পৌৰসভা কাৰ্যালয়ৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত কৰা হয় ৷
