আজি বিশ্বকৰ্মা পূজা। বিশ্বখনিকৰ ভগবান বিশ্বকৰ্মাৰ জয়ধ্বনিৰে আজি মুখৰ হৈ পৰিছে ভাৰতবৰ্ষ। হিন্দু সকলৰ আৰাধ্য দিনবোৰৰ ভিতৰত আজিৰ দিনটোও অন্যতম।
সমগ্ৰ দেশৰ লগতে আজি অসমতো আৰাধনা কৰা হৈছে ভগবান বিশ্বকৰ্মাৰ। শ্ৰমিকসকলে আজি নিজৰ যন্ত্ৰপাতি চাফা কৰি বিশ্বকৰ্মাক পূজা নৈবদ্য আগবঢ়াইছে।
বিশ্ব খনিকৰৰ আৰাধনাৰ পবিত্র দিনটোত আমি পূৰ্বোত্তৰ অসমীয়াৰ পৰিয়ালেও জনাইছোঁ অলেখ অযুত শুভকামনা।
