ৰাজ্যত আজি জাৰি কৰা হব কোভিডৰ নতুন এছঅ’পি। পুনৰবাৰ বৃদ্ধি পোৱা ৰাজ্যৰ কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন এছঅ’পিত কেইবাটাও নীতি নিৰ্দেশনা সংলগ্ন কৰা হব পাৰে।
বৃহস্পতিবাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে শুকুৰবাৰে ওলাব নতুন SOP। বৃহস্পতিবাৰে এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয়, ‘‘বিহু ৰাইজে ঘৰত পাতিব, কিন্তু বজাৰ কৰিব যাওঁতে সাৱধান হ’ব লাগিব। সকলো শ্ৰেণীৰ ৰাইজৰ অসুবিধা নোহোৱাকৈ নতুন SOP ওলাব। কিন্তু লকডাউন নহয়, হয়তো সকলোৱে মাস্ক পৰিধান কৰিব লাগিব।’’
