আজি পোহৰৰ উৎসৱ দিপাৱলী…

128

ডিজিটেল ডেস্ক: আজি পোহৰৰ উৎসৱ দিপাৱলী। আজি পোহৰৰ আলোকেৰে সুশোভিত হৈ পৰিব সমগ্ৰ দেশ। অৱশ্যে বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেইবাখনো চহৰত দিপাৱলীৰ ফটকা ফুটুৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

দিল্লী, মুম্বাইৰ দৰে অধিক প্ৰদূষিত চহৰত ফটকা ফুটুৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইফালে ৰাজ্য চৰকাৰৰ ঘোষণা অনুসৰি এইবাৰ গুৱাহাটীতো ফটকা অবিহনেই পালন কৰিব লাগিব দিপাৱলী। ৰাজ্যৰ অন্য প্ৰান্তত দুঘণ্টাৰ বাবে ফটকা ফুটুৱাত অনুমতি প্ৰদান কৰা হৈছে।

মুঠতে এইবাৰ দিপাৱলী পালন হব পোহৰৰ উৎসৱ হিচাপেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে দিপাৱলীৰ।