আজি পথৰুঘাটৰ কৃষক ছহিদ দিৱস

38

পথৰুঘাট কৃষক বিদ্ৰোহ- ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া অসমবাসীৰ বীৰত্বৰ এক অনন্য গাঁথা। ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিনটোতে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ১৪০ জন কৃষকে প্ৰাণ হেৰুৱাইছিল।ব্ৰিটিছ হওক বা মোগল, সকলোৰে বিৰুদ্ধে সাহসেৰে থিয় দি দেশৰ হকে প্ৰাণ আহুতি দিয়াৰ আগত এবাৰো চিন্তা কৰা নাছিল পূৰ্বজসকলে। পৰাধীন ভাৰতত অত্যাচাৰ, শোষণৰ বিৰুদ্ধে থিয় দিছিল অসমবাসী। কৃষকসকলৰ খাজনাৰ পৰিমাণ ইমানেই বৃদ্ধি কৰিছিল যে এটা সময়ত খাজনা দিব নোৱাৰি ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল। এই প্ৰতিবাদেই পাছত ৰূপ লৈছিল পথৰুঘাট কৃষক বিদ্ৰোহৰ।