ডিজিটেল ডেস্কঃ আজি ধনৰ অধিষ্ঠাত্ৰী দেৱীৰ আৰাধনাত মুখৰিত হ’ব আকাশ বতাহ। আজি লক্ষ্মী পূজা। আজি নিশা ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তিঅৰ্ঘ নিবেদন কৰিব ভক্তপ্ৰাণ ৰাইজে। আজি সোণগুটি হৈ ভঁৰাল পাবহি পথাৰত মেলি দিয়া কৃষকৰ সপোন। আজিৰে পৰা খেতিয়কৰ বুকুত বাঢ়িব হেঁপাহৰ সঁচ। হিন্দু সমাজৰ অন্যতম আৰাধ্য দেৱী মহালক্ষ্মীৰ আৰাধনাত আজি মুখৰিত হৈ পৰিব ৰাজ্যৰ চৌদিশ।
কোৰোনা স্থিতিৰ বাবে এইবাৰ লক্ষ্মী পূজাৰ উলহ মালহ কিছু কম। কিন্তু তাৰ মাজতেও দেৱীৰ আৰাধনাৰ বাবে সাজু হৈছে সমগ্ৰ ৰাজ্য। বজাৰ ভৰিছে মাটিৰ চাকি, ধানৰ সিহেৰে। সন্ধিয়াৰ পৰত দেৱী বন্দনাৰে সূচনা কৰিব এক আধ্যাত্মিক পৰিৱেশৰ।
এইবাৰ লক্ষ্মী পূজাত দৰিদ্ৰৰ দুখৰ দিন। বজাৰৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক। এইবাৰ লক্ষ্মী পূজাত জোলোঙা নভৰে পকেটৰ ধনেৰে। তেনে পৰিস্থিতিৰ মাজতে ঐশ্বৰ্য, বিভূতি, ধনৰ কামনাৰে সকলোৱে কৰিব প্ৰণিপাত দেৱীৰ শ্ৰীচৰণত। পূৰ্বোত্তৰ অসমীয়াৰ পৰিয়ালৰ তৰফৰ পৰা আমিও আপোনাক জনাইছো মহালক্ষ্মী পূজাৰ অলেখ অযুত শুভকামনা।
