আজি তৃণমূল কংগ্ৰেছত যোগদান কৰিব কংগ্ৰেছৰ দুই মহাৰথী…

88

কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা ৰাহুল গান্ধীৰ ঘনিষ্ঠ সহযোগী অশোক তানৱাৰে আজি দিল্লীত তৃণমূল কংগ্ৰেছত যোগদান কৰিব। খবৰ অনুসৰি, কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ কীৰ্তি আজাদেও আজি কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে।

দিল্লীত মমতা বেনাৰ্জীৰ উপস্থিতিত অশোক তানৱাৰে টিএমচিত যোগদান কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, মমতা বেনাৰ্জী দুদিনীয়া ভ্ৰমণ সূচীৰে দিল্লীত বাহৰ পাতি আছে। এই ভ্ৰমনকালত তেওঁ কেইবাজনো বিৰোধী নেতাক সাক্ষাৎ কৰাৰ কথা আছে।

প্ৰণিধানযোগ্য যে, হাৰিয়ানা কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী অশোক তানৱাৰে ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় ‘আপনা ভাৰত মৰ্চা’ নামৰ এটা নতুন ৰাজনৈতিক দল আৰম্ভ কৰিছিল। অশোক তানৱাৰ ৰাহুল গান্ধীৰ ঘনিষ্ঠ নেতাসকলৰ মাজৰ এজন আছিল। তানৱাৰ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ চিৰছাৰ সাংসদ আছিল আৰু ২০১৯ চনৰ অক্টোবৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ কেইদিনমান আগতে কংগ্ৰেছ ত্যাগ কৰিছিল। টিকট বিতৰণত অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তেওঁ দলৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু কংগ্ৰেছ প্ৰধানৰ বাসগৃহ দশ জনপথৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল।