আজি ছেবাই অনুষ্ঠিত কৰা মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব। দিনৰ ১১ বজাৰ পৰা sebaonline.org ৱেবচাইটৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ ফলাফল লাভ কৰিবলৈ সক্ষম হব।
উল্লেখ্য যে, কোভিড পৰিস্থিতিৰ বাবে এইবাৰ ছেবাই পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে বিশেষ পদ্ধতিৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল যদিও সেই ফলাফলক লৈ বহু শিক্ষাৰ্থীয়ে অসন্তুষ্টি ব্যক্ত কৰাত পৰৱৰ্তী সময়ত অফলাইন পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।
ছাত্ৰ ছাত্ৰীয়ে sebaonline.org ৱেবছাইটত ভিজিত কৰি নিজৰ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ লগতে মাৰ্কস্বীট সমূহো ডাউনলোড কৰিব পাৰিব।
