ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি গুৱাহাটী মহানগৰীত। আজিৰ পৰা মহানগৰীত বলবৎ হৈছে এই নিৰ্দেশনা । এই নিৰ্দেশনাৰ অধীনত একেঠাইত সমবেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিকলোক। কৰিব নোৱাৰিব প্ৰতিবাদ।জাননী অনুসৰি দিছপুৰৰ ৰাজধানী চৌহদৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধত কোনোৱে কোনোধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে। বুধবাৰে প্ৰতিবাদত এগৰাকী কংগ্ৰেছ কৰ্মীয়ে প্ৰাণ হেৰুওৱাৰ পাছতেই এই জাননী জাৰি কৰে জিলা প্ৰশাসনে।ইয়াৰোপৰি প্ৰতিবাদ, শ্লোগান , ধৰ্ণা আদি প্ৰদৰ্শনতো বাধা আৰোপ কৰিছে।