আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ…

16104

গুৱাহাটীঃ ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া টি-২০ খেলৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দুয়োটা দল।

জানিব পৰা মতে, বিয়লি প্ৰায় ৪.৩০ বজাত বিশেষ বিমানযোগে থিৰুৱান্তপুৰমৰ পৰা বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰসকল।

উল্লেখ্য যে, পূজাৰ মাজতে অনুষ্ঠিত হ’বলগীয়া এই খেলখনক লৈ উথপথপ লাগিছে গুৱাহাটীবাসীৰ।

খেলখনৰ অতিথি হিচাপে উপস্থিত থাকিব বিচিচিআইৰ সম্পাদক তথা অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ।

এইবাৰ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে প্ৰত্যক্ষ কৰিব।