আজি গণেশ চতুৰ্থী, মুখত মাস্ক পিন্ধি মন্দিৰত ভক্তৰ পূজা অৰ্চনা

95

ডিজিটেল ডেস্কঃ হিন্দু সমাজে বিঘিনীনাশক দেৱতা হিচাপে পূজা অৰ্চনা কৰা শিৱপুত্ৰ ভগৱান শ্ৰীগণেশৰ আৰধনাৰ দিন আজি। দেশত কোৰোনা ভয়াবহতাৰ মাজতে আজি গণেশ মন্দিৰ সমূহত পুৱাৰে পৰা গণেশ চতুৰ্থী উপলক্ষ্যে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। শাস্ত্ৰ অনুসৰি, এইবাৰ গণেশ চতুৰ্থীৰ ক্ষণ আৰম্ভ হৈছে ২১ আগষ্ট অৰ্থাৎ শুকুৰবাৰৰ নিশা ১১ বাজি ০২ মিনিটৰ পৰা আৰু এয়া ২২ আগষ্ট অৰ্থাৎ শনিবাৰৰ সন্ধিয়া ০৭ বাজি ৫৭ মিনিট পৰ্যন্ত থাকিব।

হিন্দু শাস্ত্ৰ অনুসৰি, ভগৱান শ্ৰীগণেশৰ জন্ম ভাদ মাহৰ শুক্ল চতুৰ্থী তিথিত হৈছিল। বিঘিনিনাশক হিচাপে পূজা কৰা ভগৱান শ্ৰীগণেশৰ আৰধনা হিন্দু সমাজৰ প্ৰায় প্ৰত্যেক পূজা-অৰ্চনাৰ পূৰ্বেই কৰা হয়।

সমগ্ৰ বিশ্বব্যাপী সন্ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কোৰোনাৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত মন্দিৰত ভক্তৰ সমাগত পূৰ্বৰ বছৰবোৰৰ তুলনাত যথেষ্ট হ্ৰাস পোৱা দেখিলেও সামাজিক দূৰত্ব আৰু কোৰোনা প্ৰতিৰোধৰ বাবে বান্ধি দিয়া নীতি-নিয়ম পালন কৰি দেশৰ বিভিন্ন প্ৰান্তত ভক্তৰ সমাগম ঘটিছে। মহানগৰীৰ গণেশগুৰিস্থিত গণেশ মন্দিৰতো আজি পূৱাৰে পৰা ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে।