আজি কাতি বিহু…

91

ডিজিটেল ডেস্কঃ ধানেও গেৰ মেলিছে, শেৱালিৰ সুৱাসে সকলোৰে মন-প্ৰাণ কৰি তুলিছে মতলীয়া৷ এনে এক প্ৰাণোৎজ্জ্বল পৰিবেশৰ মাজতে আহিল অসমীয়াৰ অতি হেঁপাহৰ কাতি বিহু। চহা জীৱনৰ লগত আছে কাতিবিহুৰ এক নিবিড় সম্পৰ্ক। যাৰ বাবে কৃষিজীৱী কৃষক সকল সাজু হৈছে কাতি বিহু উদযাপন কৰিবলৈ। পিছ পৰি থকা নাই গৃহিণী সকলো।

গাঁৱৰ জীয়ৰী বোৱাৰী সকলে তুলসী তল চাফচিকুণ কৰি বোকা পানীৰে মচি সজাই পৰাই তুলিছে। সাজু হৈছে পথাৰত চাকি বন্তি জ্বলাবলৈ। কৃষক সকলে কপালৰ ঘাম মাটিত পেলাই কৰা আশাৰ খেতি দৰাত যাতে কোনো অপায় অমংগল নাহে সেইবাবেই এনে পৰম্পৰা অনুসৰি পথাৰত জ্বলাই এগচি বন্তি। খেতি দৰা যাতে পোক পতঙ্গই নষ্ট নকৰে তাক লৈ প্রার্থনা কৰে নেদেখা জনৰ ওচৰত।

নামঘৰতো জ্যেষ্ঠ সকলে মঙ্গলৰ অৰ্থে কৰিছে ভাগৱত পাঠ। কাতিবিহুৰ সন্ধিয়া প্ৰতি ঘৰ অসমীয়াই তুলসী তলত চাকি বন্তি, ধূপ ধূনা জ্বলাই মাহ প্ৰসাদ উলিয়াই ভগবানৰ ওচৰত প্রার্থনা জনাই। সকলোৰে এটাই আশা আপোন ঘৰখনলৈ আহক সুখ শান্তি আৰু লখিমী। কাতি বিহুক কঙালী বুলি কোৱা হয় যদিও কৃষিজীৱী লোকৰ বাবে ই এক উৎসাহ উদ্দীপনাৰ প্ৰতীক।