আজি ঈদ-উল-ফিতৰ ; দেশজুৰি আনন্দৰ বন্যা
আজি সমগ্ৰ দেশৰ লগতে অসমতো ইছলাম ধৰ্মালম্বী লোক সকলে পালন কৰিছে পবিত্ৰ ঈদ-উল-ফিতৰ ।
মাহজোৰা ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মীসকলে পালন কৰিছে ঈদ।
আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই উদযাপন কৰা হৈছ ঈদ।
ঈদ-উল-ফিতৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকল মাজত ব্যাপক উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে।
সমগ্ৰ বিশ্বৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ–মালহেৰে উদযাপন কৰিছে ঈদ–উল-ফিতৰ ।
ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সাৰোগত কৰি পুৱাই সমূহীয়া ঈদৰ নামাজত আদায় কৰিব ইছলাম ধৰ্মাৱলম্বী ৰাইজে।
ইতিমধ্যে সমূহীয়া নামাজৰ বাবে সজাই পৰাই তোলা হৈছে ঈদগাহসমূহ।
প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জ্ঞাপন কৰিছে ঈদৰ শুভেচ্ছা।
