আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিব সদ্য পদত্যাগী কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাইয়ে

107

গুৱাহাটীঃ আজি বিজেপিত যোগ দিব থাওৰা সমষ্টিৰ সদত্যাগী কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাইয়ে। শনিবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত আজি বিয়লি বিজেপিত আনুষ্ঠানিকভাৱে তেওঁ যোগ দিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পিছত সুশান্ত বৰগোঁহাইৰ পদত্যাগ কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত হিচাপে পৰিগণিত হব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সুশান্ত বৰগোঁহাইয়ে ২ আগষ্টত বিজেপিত যোগ দিব বুলি মন্তব্য কৰিছিল যদিও শেষ মুহূৰ্তত এদিন পূৰ্বেই কংগ্ৰেছৰ পদত্যাগী বিধায়কজনে বিজেপিত যোগ দিব বুলি জানিব পৰা গৈছে।

সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতে কংগ্ৰেছ ত্যাগ কৰা বুলি প্ৰকাশ কৰিছিল থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এসময়ত অতি ঘনিষ্ঠ সম্পৰ্ক থকাৰ পৰিপ্ৰেক্ষিততে তেওঁ কংগ্ৰেছ ত্যাগ কৰা বুলিও চৰ্চা চলিছে।