আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে অসম দিৱস। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওলুং চ্যুকাফাৰ স্মৃতিত প্ৰতিবছৰে ২ ডিচেম্বৰৰ দিনটো ‘অসম দিৱস’ হিচাপে পালন কৰা হয়। এই দিৱস পালনৰ আছে এক ইতিহাস, চ্যুকাফাৰ স্মৃতিত বছৰ বছৰ ধৰি এই দিৱস পালন কৰি অহা হৈছে।অনুমান কৰা হয়, ১২২৮ চনৰ এই দিনটোত্উ চাওলুং চ্যুকাফাৰ নেতৃত্বত আহোমসকলে সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু’ঙ দন চন খাম স্থাপন কৰিছিল। এই দিনটোক ঐতিহাসিক কৰি ৰখাৰ উদ্দেশ্যেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন ব্যক্তিয়ে এই দিৱস পালন কৰা আৰম্ভ কৰিছিল।