আজি অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, হোজাই আৰু লামডিঙত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতাগৰাকীয়ে, উল্লেখ্য যে অহা ২৭ মাৰ্চত অনুষ্ঠিত হব অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি কংগ্ৰেছকে ধৰি সকলো দল, ইজনৰ পিছত সিজন ৰাষ্ট্ৰীয় নেতা তথা ষ্টাৰ কেম্পেইনাৰৰ আগমণ ঘটিছে অসমলৈ, ২২ মাৰ্চত অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছৰো বহু কেইগৰাকী ৰাষ্ট্ৰীয় নেতাৰ অসম ভ্ৰমণ অব্যাহত আছে, তাৰ মাজতে আজি পুনৰ বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব ৰাজনাথ সিং, আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়েও আজি কৰিব অসম ভ্ৰমণ, বৰাকত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব এই দুই নেতাই
Latest article
ছুপাৰ.মানি-এ মুকলি কৰিলে ছুপাৰএফডি
ছুপাৰ.মানিয়ে আজি ছুপাৰএফডি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ছুপাৰএফডি হৈছে সম্পূৰ্ণ ডিজিটেল চেভিংছ প্ৰডাক্ট, যিয়ে ফিক্সড ডিপ’জিটলৈ ইউপিআইৰ সহজতা আৰু সুলভতা লৈ আহিছে।...
১৪ মাৰ্চৰ পৰা ২৫ মে’লৈ আই পি এল ২০২৫
ঘোষণা হ'ল আই পি এল ২০২৫ৰ দিন। প্ৰতিযোগিতাখন ১৪ মাৰ্চৰ পৰা ২৫ মে'লৈ অনুষ্ঠিত হ'ব। কেৱল অহা বছৰেই নহয় ২০২৬ আৰু ২০২৭ বৰ্ষৰ তাৰিখো...
ছত্তীশগড়ত পুনৰ সংঘৰ্ষ
ছত্তীশগড়ৰ দক্ষিণ সুকমাত ডি আৰ জি আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ । পুৱাৰে পৰা অব্যাহত আছে গুলীয়াগুলী ।ছত্তীশগড়ৰ বস্তাৰ বিভাগৰ সুকমা জিলাত সেনা আৰু নক্সালবাদীৰ...