প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অযোধ্যা ভ্ৰমণ কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই অযোধ্যাৰ ৰাম মন্দিৰত পূজা আগবঢ়াব।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে বাৰণসীত প্ৰধানমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত বিজেপি শাসিত ৰাজ্য সমূহৰ আন মুখ্যমন্ত্ৰী সকলো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী বৈঠকত ৰাজ্যসমূহৰ উন্নয়নৰ বুজ লয়।
ইফালে মুখ্যমন্ত্ৰী শৰ্মাৰ এই উত্তৰ প্ৰদেশ ভ্ৰমণ কালত তেওঁৰ সৈতে পত্নী ৰিণিকি ভূঞা শৰ্মাও উপস্থিত থাকে।
