ডিজিটেল ডেস্কঃ আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৬ সংখ্যক মৃত্যু বাৰ্ষিকী। ১৯৮৪ চনৰ আজিৰ দিনটোতে দেহৰক্ষীৰ গুলীত নিহত হৈছিল দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী।
তেওঁৰ ৩৬ সংখ্যক মৃত্যু দিৱসত স্মৰণ কৰি টুইট কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আনহাতে কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু কংগ্ৰেছ সদস্য সকলেও ইন্দিৰা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আজি।
১৯১৭ চনৰ ১৯ নৱেম্বৰত নেহৰু পৰিয়ালত জন্মগ্ৰহণ কৰা ইন্দিৰা গান্ধীৰ বিবাহ হৈছিল ফিৰোজ জাহাংগীৰৰ সৈতে। ১৯৮০ চনৰ ১৪ জানুৱাৰীত তেওঁ দেশৰ তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে ১৯৮৪ চনৰ ৩১ অক্টোবৰত দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল ইন্দিৰা গান্ধীক। উল্লেখ্য যে, ভাৰতীয় ৰাজনীতিৰ ইতিহাসত বৰ্তমানলৈকে ইন্দিৰা গান্ধীয়েই হৈছে দেশৰ একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী।