অসমত কিশোৰ-কিশোৰীক ভেকচিন প্রদান কাৰ্যসূচী আৰম্ভ।
ৰুক্মিণীগাঁও বালিকা বিদ্যালয়ত কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ।
কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।
‘ক’ভিডে আমাৰ মাজৰ পৰা বহু প্রজন্মক আঁতৰাই লৈ গ’ল’।
‘ক’ভিড অতিমাৰীৰ বাবে আমি আৰ্থিকভাৱে বহু পিছ পৰি ৰ’লো’।
‘দুটা বছৰে এই মহামাৰীয়ে আমাক জুৰুলা কৰি পেলালে’।
‘যোৱা কেইদিনত চীনত ক’ভিড নতুন সংক্রমণ দেখা গৈছে’।
‘দেশজুৰি ক’ভিড ভেকচিন প্রদান প্রক্রিয়া নিৰন্তৰ চলি আছে’।
‘প্রধানমন্ত্রী মোডীৰ নেতৃত্বত সমগ্র দেশত ভেকচিন প্রদান চলি আছে’।
‘ইয়াৰ পৰা বাচি থাকিবলৈ ভেকচিন লোৱাটো নিতান্ত্রণ প্রয়োজন’।
‘ক’ভিড কেতিয়া, কি ৰূপত আহিব পাৰে কোনেও নাজানে’।
‘সেয়ে আমাৰ সকলো স্তৰৰ লোকেই ভেকচিন ল’ব লাগে’।
‘আমাৰ শিশু আৰু কিশোৰ-কিশোৰীকো ভেকচিন দিয়াটো জৰুৰী’।
‘প্রধানমন্ত্রীগৰাকীৰ নেতৃত্বত কিশোৰ-কিশোৰীকো ভেকচিন প্রদান আৰম্ভ হৈছে’।
‘১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে এই ভেকচিন’।
‘দেশজুৰি আৰম্ভ হৈছে ‘কৰ্বিভেক্স’ নামৰ ভেকচিন প্রদান প্রক্রিয়া’।
‘এই ভেকচিনৰ কোনো চাইড এফেক্ট নাই’।
‘ৰাতিপুৱা সাজ খাই লোৱাৰ পিছতহে এই ভেকচিন ল’লে ভাল’।
‘ভেকচিন লোৱাৰ পিছত কিছু সময় জিৰণি ল’ব লাগে’।
‘ৰাজ্যৰ সকলো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী এই ক্ষেত্রত সজাগ হ’ব’।
‘পুৱা নোখোৱাকৈ কিশোৰ-কিশোৰীক ভেকচিন ল’বলৈ নিদিব’।
ভেকচিন প্রক্রিয়াত সহযোগিতা কৰি সমাজক সুৰক্ষিত ৰাখিবলৈ অনুৰোধ মুখ্যমন্ত্রীৰ।