আজিৰে পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা…

66

আজি অনুষ্ঠিত হব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা। উত্তৰ গুৱাহাটীৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালাত অনুষ্ঠিত হবলগীয়া এই সভাত অংশ লব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বান্দন সোনোৱাল আৰু ৰাজ্যিক বিজেপিৰ আন শীৰ্ষস্থানীয় মন্ত্ৰী তথা সাংসদ উপস্থিত থাকিব। ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হবলগীয়া কাৰ্যনিৰ্বাহক সভাত উপ নিৰ্বাচনক লৈ দলৰ ৰণনীতি প্ৰস্তুত কৰা হব।