আজিৰে পৰা ৰাজ্যত ১২ টকা হ্ৰাস পালে প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য

64

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পেট্ৰল-ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰাৰ পিছত আজিৰে পৰা ৰাজ্যত ১২ টকা হ্ৰাস পালে পেট্ৰলৰ মূল্যত। সেইদৰে, ডিজেলৰ মূল্যতো এতিয়া ১৭ টকা হ্ৰাস পাইছে। যাৰ ফলত দিপাৱলীৰ সময়ত যথেষ্ট সকাহ লাভ কৰিছে ৰাজ্যবাসীয়ে। উল্লেখ্য যে, গুৱাহাটী মহানগৰীত ১১০ টকাৰো অধিক মূল্যত বিক্ৰী হৈছিল প্ৰতিলিটাৰ পেট্ৰল।

বুধবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি চৰকাৰে পেট্ৰলৰ মূল্যত ৫ টকা আৰু ডিজেলৰ মূল্যত ১০ টকা ভেট হ্ৰাস কৰে। ইফালে কেন্দ্ৰীয় চৰকাৰৰ এই জাননীৰ পিছতে অসম চৰকাৰেও পেট্ৰল-ডিজেলৰ ওপৰত ৭ টকা ভেট হ্ৰাস কৰাৰ ঘোষণা কৰে। যাৰ ফলত এতিয়া পেট্ৰলৰ মূল্যত ১২ টকা আৰু ডিজেলৰ মূল্যত ১৭ টকা হ্ৰাস পাইছে।