আজিৰে পৰা ৰাজ্যত বলবৎ হব নতুন SOP

199

ৰাজ্যত আজিৰে পৰা বলবৎ হোৱাৰ সম্ভাৱনা আছে নতুন SOP। ৰাজ্যত কোভিড সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা আন্তঃজিলা যাতায়তৰ অনুমতি প্ৰদান কৰাক লৈ চিন্তা চৰ্চা কৰিছে চৰকাৰে। অৱশ্যে যুগ্ম-অযুগ্ম নম্বৰেৰে যাতায়ত খোলা হব বুলি ইংগিত প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কোভিডৰ নতুন SOPত ৰাজ্যৰ দোকান-পোহাৰ সমূহ পূৰ্বৰ সন্ধিয়া ৫ বজাৰ পৰিবৰ্তে ৬ বজালৈ খোলাৰ অনুমতি প্ৰদান কৰা হব। আনহাতে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি হৈ থাকিব।

উল্লেখ্য যে, অহা ১ চেপ্টেম্বৰৰ পৰা শিক্ষা প্ৰতিষ্ঠানসমূহো খুলি দিয়াৰ যো-জা চলাইছে চৰকাৰে। নতুন SOPয়ে সাধাৰণ জনতাৰ জীৱন যাত্ৰা সহজ কৰিব বুলি সকলোৱে আশা কৰিছে।