আজিৰে পৰা ৰাজ্যত আৰম্ভ প্ৰথম পৰ্যায়ৰ গুণোত্সৱ

29

আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৰাজ্যৰ ১১ খন জিলাৰ ১৬,০৫৬ বিদ্যালয়ত চলিব। ইয়াকে লৈ প্ৰতিখন বিদ্যালয়ে চলাইছে প্ৰস্তুতি। প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন হ’ল- শ্ৰীভূমি, বৰপেটা, বজালী,কামৰূপ (গ্ৰাম্য) , কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা- মানকাচাৰ আৰু ওদালগুৰি জিলা। প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ বাবে ইতিমধ্যে নিয়োগ কৰা হৈছে ৬,৩৬৫ গৰাকী বহিঃনিৰীক্ষক। প্ৰথম পৰ্যায়ৰ গুণোৎসৱে ১৪,১১,৮৭৪ শিক্ষাৰ্থীক সামৰি ল’ব।উল্লেখ্য যে, তিনিটা পৰ্যায়ত ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত হ’ব।