আজিৰে পৰা হাতীচোং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিবেশন

83

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ১৯৮৮ চনত প্ৰতিষ্ঠা হোৱা নগাঁও জিলাৰ উত্তৰ পশ্চিম প্ৰান্তৰ তথা বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত হাতীচোং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ বাৰ্ষিক অধিবেশনৰ লগতে নৱাগত আদৰণি অনুষ্ঠানটি ৭ আৰু ৮ মে’ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৭মে’ত পুৱা মহাবিদ্যালয়ৰ পতাকা আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ পতাকা উত্তোলন কৰে ক্ৰমে ভাৰপ্ৰাপ্ত অধ্যক্ষ লুইত হাজৰিকা আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি পলাশ প্ৰতিম হাজৰিকাই। ইয়াৰ পাছতে ছহিদ তৰ্পন, গছপুলি ৰোপন, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়নৰ কাৰ্যালয় উদ্বোধনৰ পাছতে উলিওৱা হয় বৰ্ণাঢ্য শোভাযাত্ৰা। শোভাযাত্ৰাত জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

দিনৰ ১বজাৰ পৰা আৰম্ভ হ’ব লগীয়া মুকলি সভাত বিশিষ্টা সাহিত্যিক-সাংবাদিক মনালিছা শইকীয়া, অধ্যাপক মোহিনী মোহন ডেকা আদিয়ে ভাষণ প্ৰদান কৰিব। ৮ মে’ৰ পুৱা ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ বাৰ্তালাপ, নৱাগত আদৰণি অনুষ্ঠানৰ পাছত বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক বিমান হাজৰিকাই জনাইছে। মহাবিদ্যালয়ৰ দুয়োদিনৰ সমূহ কাৰ্যসূচীত ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।