ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ বিশ্ব শান্তিৰ বাবে নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিৰ বিষ্ণু মন্দিৰ প্ৰাংগণত প্ৰতিবছৰে আয়োজিত “অখণ্ড ভাগৱত পাঠ”ৰ চলিত বৰ্ষত ২৫ সংখ্যক বৰ্ষত পদাৰ্পণ কৰিলে। মন্দিৰ পৰিচালনা সমিতিয়ে ভাগৱত পাঠৰ অনুষ্ঠানটি ৬ মে’ অৰ্থাৎ আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে “ৰূপালী জয়ন্তী বৰ্ষ” ৰূপে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মন্দিৰ পৰিচালনা সমিতিয়ে যুগুতাই ওলোৱা কাৰ্যসূচী অনুসৰি ৬ মে’ত পুৱা ধৰ্মধ্বজা উত্তোলন কৰিব নগাঁৱৰ শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ লাৰুগোপাল দেৱ গোস্বামীয়ে। লগতে মন্দিৰৰ সদস্যমণ্ডলীৰ দ্বাৰা ২৫খন পতাকা উত্তোলন কৰা হ’ব। ইয়াৰ পাছতে সম্পন্ন কৰা হ’ব স্মৃতি তৰ্পণ, ভাগৱত আদৰণি-স্থাপন,মূল বন্তি প্ৰজ্বলন, খোল প্ৰসংগ, নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ শুভাৰম্ভ কৰা হ’ব।
৭ মে’ত ভাগৱত পাঠ অবিৰতভাৱে চলি থকাৰ অন্তত ৮ মে’ত সামৰণি মৰা হ’ব। ইয়াৰ পাছতে ভাগৱত ভ্ৰমণ কৰাৰ অন্তত বেবেজীয়া আৰু খাটগুৰিৰ আইমাতৃসকলৰ দ্বাৰা সমূহীয়া নাম প্ৰসংগ কৰা হ’ব। বিয়লি ধৰ্মধ্বজা অৱনমিতৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি মৰা হ’ব বুলি বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি পোনাৰাম বৰা আৰু সম্পাদক পূৰ্ণানন্দ বৰাই জনাইছে। উল্লেখযোগ্য যে ভাগৱত পাঠত বেবেজীয়াৰ উপৰি খাটগুৰি, কামপুৰ, আইভেটি, কমাৰচুক আৰু বগৰিগুৰিৰ পাঠকবৃন্দই অংশগ্ৰহণ কৰিব।
