আজিৰে পৰা প্ৰতিলিটাৰ গাখীৰৰ দাম বৃদ্ধি পালে ৪ টকাকৈ..

98

মূল্যবৃদ্ধিৰ মাধমাৰৰ মাজতে এইবাৰ দাম বাঢ়িল গাখীৰৰ। গুৱাহাটী দুগ্ধ ব্যৱসায় সন্থাই গাখীৰৰ দাম বৃদ্ধিৰ ঘোষণা কৰাৰ পিছত আজিৰে পৰা প্ৰতিলিটাৰ গাখীৰত বৃদ্ধি পালে ৪ টকাকৈ।

উল্লেখ্য যে, পূৰ্বে প্ৰতি লিটাৰ গৰুৰ গাখীৰৰ পাইকাৰী মূল্য আছিল ৫৩.৪০ টকা। কিন্তু দাম বৃদ্ধিৰ পিছত প্ৰতিলিটাৰ গাখীৰৰ দাম হৈছেগৈ ৫৭.৪০ টকা। ইফালে এই গাখীৰ এতিয়াৰে পৰা গ্ৰাহকে ক্ৰয় কৰিব লাগিব ৬০ টকা মূল্যত।

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ মাজত গাখীৰৰ দাম বৃদ্ধিয়েও স্বাভাৱিকতে সাধাৰণ জনতাৰ ওপৰত প্ৰভাৱ পেলাব।