আজিৰে পৰা পুনৰ মুকলি গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱে’ সেৱা

90

গুৱাহাটীঃ আজিৰে পৰা পুনৰ আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে’ সেৱা। বিগত প্ৰায় আঢ়ৈ মাহ কোভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকাৰ অন্তত আজি যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে ৰ’পৱে’ সেৱা।

উল্লেখ্য যে, সমগ্ৰ দেশত ভয়াবহ ৰূপ ধাৰণ কৰা কোভিড পৰিস্থিতিৰ বাবে যোৱা ৬ মে’ৰ পৰা বন্ধ হৈ আছিল এই ৰ’পৱে সেৱা। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই ৰ’পৱে সেৱা সম্পূৰ্ণ কোভিড বিধি মানি পুনৰ মুকলি কৰি দিয়া হৈছে।

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ জিএমডিয়ে এই ৰ’পৱে সেৱা মুকলি কৰি কয় যে ৫০ শতাংশ যাত্ৰীৰে বৰ্তমান এই সেৱা বাহাল থাকিব। প্ৰতিগৰাকী যাত্ৰীয়ে কোভিড বিধি মানি চলিব লাগিব বুলিও জনায় জিএমডিয়ে।

ইফালে কোভিড পৰিস্থিতিৰ পিছত ৰ’পৱে’ সেৱাৰ ভাড়াও বৃদ্ধি কৰা হৈছে। পূৰ্বৰ প্ৰতিজন যাত্ৰীৰ ভাড়া ৬০ টকা আছিল যদিও বৰ্তমান সেই ভাড়া বৃদ্ধি কৰি ১০০ টকা কৰা হৈছে। অৱশ্যে জ্যেষ্ঠ নাগৰিক আৰু শিশুৰ বাবে এই ভাড়া পূৰ্বৰ ধৰণেই থাকিব বুলিও জনায় জিএমডিয়ে।