আজিৰে পৰা দিল্লীত অনুষ্ঠিত হৈছে G-20 শীৰ্ষ সন্মিলন। ইতিমধ্যে এই সন্মিলনত অংশগ্ৰহণৰ বাবে কেইবাখনো দেশৰ ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰী ভাৰতত উপস্থিত হৈছে। উপস্থিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকো। G-20 শীৰ্ষ সন্মিলন শুভাৰম্ভ হ’ব ভাৰত মণ্ডপমত।G-20 শীৰ্ষ সন্মিলনত ২৯খন দেশৰ ৰাষ্ট্ৰপ্ৰধানে ল’ব অংশ। পুৱা ৯ বজাৰ পৰাই ভাৰত মণ্ডপমত অতিথি নেতাৰ আগমন ঘটিছে। এক পৃথিৱী এক পৰিয়াল এজেণ্ডাক লৈ G-20 সন্মিলনত হ’ব আলোচনা।
