আজিৰে পৰা খুলিব ৰাজ্যৰ বিদ্যালয়সমূহ…

96

গুৱাহাটীঃ কোৰোনা মহামাৰীৰ সন্ত্ৰাসৰ পৰিপ্ৰেক্ষিত বিগত প্ৰায় ৬ মাহে বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব। ৰাজ্য চৰকাৰে শিক্ষক-শিক্ষয়িত্ৰীৰ কোভিড টেষ্ট কৰাৰ লগতে বিদ্যালয়সমূহ চেনিটাইজ সম্পূৰ্ণ কৰাৰ পিছত ২১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ অনুমতি প্ৰদান কৰিছিল। সেই অনুসৰি সোমবাৰৰ পৰা কোভিড প্ৰট’কল মানি ৰাজ্যত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আৰম্ভ হ’ব।

উল্লেখ্য যে, কোভিড পৰিস্থিতিৰ বাবে ১৫ মাৰ্চৰ পৰা বিদ্যালয়সমূহৰ পাঠদান স্থগিত ৰখা হৈছিল। কিন্তু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰি বিদ্যালয়সমূহ পুনৰ খোলাৰ অনুমতি প্ৰদান কৰা হয়। অৱশ্যে কোভিড পৰিস্থিতিৰ বাবে বিদ্যালয়ত ৫০ শতাংশ শিক্ষকৰহে উপস্থিতিত অনুমতি প্ৰদান কৰা হৈছে। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে সামাজিক দূৰত্বৰ লগতে অন্যান্য কোভিড প্ৰট’কল মানিহে বিদ্যালয়ত উপস্থিত থাকিব পাৰিব। আনহাতে অভিভাৱকৰ লিখিত অনুমতি নহ’লে ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ অহাটো বাধ্যতামূলক নহয় বুলিও মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে।