আজিৰে পৰা কাজিৰঙাত অসম চৰকাৰৰ তিনিদিনীয়া চিন্তন শিৱিৰ আৰম্ভ

301

অসম চৰকাৰে আয়োজন কৰা তিনিদিনীয়া চিন্তন শিৱিৰ, শনিবাৰে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ঈশা ফাউণ্ডেশ্যনৰ সদগুৰু জগী বাসুদেৱে।

কাজিৰঙাত অনুষ্ঠিত হ’বলগীয়া শিৱিৰত সকলো মন্ত্ৰী, বিজেপিৰ বিধায়ক আৰু উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰি অসমৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি ভৱিষ্যতৰ এক কাৰ্য্যপন্থা নিৰ্ধাৰণ কৰিব।

বিজেপিৰ মিত্ৰ দল অগপ আৰু ইউপিপিএলৰ মন্ত্ৰী-বিধায়কসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

তিনিদিনীয়া অধিৱেশনত যোৱা এবছৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ সাফল্যৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে।

ভৱিষ্যতৰ বাবে এক বিশদ ৰ’ডমেপ আৰু লগতে ৰাজ্যখনৰ উন্নয়নৰ বাবে ডেলিভাৰী ব্যৱস্থাটোক খেদি ফুৰা বাকী থকা সমস্যাসমূহৰ সমাধানৰ বিষয়েও আলোচনা কৰা হ’ব৷

তদুপৰি চৰকাৰী জ্যেষ্ঠ বিষয়াসকলে অসম চৰকাৰৰ চলি থকা কাম-কাজৰ ওপৰতো আলোকপাত কৰিব।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবেও এই অনুষ্ঠান তাৎপৰ্যপূৰ্ণ বুলি ধাৰণা কৰা হৈছে। কমেও ১১খন আসন দখলৰ বাবে চকু ৰাখিছে বিজেপিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধিৱেশন উদ্বোধন কৰাৰ সম্ভাৱনা আছে আৰু চিন্তন শিৱিৰত আৰ্ট অৱ লিভিংৰ শ্ৰীশ্ৰী ৰবি শংকৰ আৰু ঈশা ফাউণ্ডেশ্যনৰ সদগুৰুও অংশগ্ৰহণ কৰিব।

যোৱা মাহত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই শিবিৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।