আজিৰে পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন

5

আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন । ২৫ দিন ধৰি চলিবগীয়া এই অধিৱেশন অহা ২০ ডিচেম্বৰত অন্ত পৰিব । যোৱা কালি এই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ আহ্বানত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । জানিব পৰা মতে, এই শীতকালীন অধিৱশেনৰ বাবে ৱাকফকে ধৰি ১৬খন বিধেয়ক তালিকাভুক্ত কৰা হৈছে ।এই বৈঠক পুৱা ১০ বজাত কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সদস্য মল্লিকাৰ্জুন খৰ্গেৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব। সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত বিৰোধী দলসমূহে মণিপুৰ, ৱাকফ বিল আৰু আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ দৰে বিষয়সমূহ উত্থাপন কৰিব পাৰে । উল্লেখ্য যে, কেৰালা ৱায়ানাডৰ পৰা উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে চাৰি লাখৰো অধিক ভোটত জয়লাভ কৰে। প্ৰিয়ংকা গান্ধীয়ে প্ৰথমবাৰৰ বাবে শীতকালীন অধিৱেশনৰ পৰা আৰম্ভ কৰিব সংসদীয় জীৱনৰ যাত্ৰা।