আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন…

156

মঙলবাৰৰ পৰা পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন।

২০ৰ পৰা ২৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া অধিৱেশনৰ সময়ছোৱাত চৰকাৰে বাতিল বিধেয়ককে ধৰি কমেও ১২খন বিধেয়ক দাখিল কৰিব।

ইয়াৰ পূৰ্বে শৰৎকালীন অধিৱেশনৰ সময়ত ১৫খন বিধেয়ক উত্থাপন কৰা হৈছিল। ইয়াৰে ১১খন সংশোধনী বিধেয়ক, দুখন বাতিল বিধেয়ক আৰু দুখন নতুন বিধেয়ক উত্থাপন কৰা হৈছিল।

নতুন বিধেয়ক দুখন আছিল অসম আকাশী ৰ’পৱে বিধেয়ক ২০২২ আৰু অসম ঐক্যবদ্ধ মহানগৰ পৰিবহণ কৰ্তৃপক্ষ বিধেয়ক ২০২২।

১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই অধিবেশন ১৯ ছেপ্টেম্বৰলৈকে চলিছিল।