আজিৰে পৰা অসমৰ দুখন জিলাত কোভিড ভেকচিনৰ টিকাকৰণৰ অনুশীলন

61

মহামাৰী কোৰোনা ভাইৰাছৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন বা ড্ৰাই ৰান সোমবাৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে। অসমৰ দুখন জিলাতো কোভিড ভেকচিনৰ টিকাকৰণৰ অনুশীলন আৰম্ভ হৈছে সোমবাৰৰ পৰা। স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা মতে, অসমৰ নলবাৰী আৰু শোণিতপুৰ জিলাত কোভিড ভেকচিনৰ ড্ৰাই ৰান আৰম্ভ হৈছে। মঙলবাৰেও অসমত ড্ৰাই ৰান অভিযান চলোৱা হ’ব বুলি জনাইছে স্বাস্থ্য মন্ত্ৰণালয়ে।

উল্লেখ্য যে, অসমৰ উপৰিও গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰ পঞ্জাৱৰ দুখনকৈ জিলাত চলোৱা হৈছে কোভিড ভেকচিনৰ টিকাকৰণৰ অনুশীলন বা ড্ৰাই ৰান। জানিব পৰা মতে, এই ড্ৰাই ৰানত ভেকচিনৰ ব্যৱহাৰৰ বিপৰীতে Co-Win এপৰ জৰিয়তেহে নিৰীক্ষণ কৰা হ’ব। প্ৰণিধানযোগ্য যে, কোভিড-১৯ প্ৰতিষেধকৰ টিকাকৰণ কাৰ্যসূচী ৰূপায়ণৰ বাবে ২,৩৬০জন স্বেচ্ছাসেৱকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।