আজিৰে পৰা অম্বুবাচী, কিন্তু নিজান-নিস্তব্ধ কামাখ্যা ধাম

80

আজি আৰম্ভ হৈছে অম্বুবাচীৰ। শাক্ত ধৰ্মাৱলম্বীসকলৰ এই উৎসৱৰ সময়ত পূৰ্বে দেশ-বিদেশৰ পৰা সাধু-সন্ত-ভক্তৰে ভৰি পৰিছিল মা কামাখ্যা দেৱালয়ৰ চৌহদ। জনসমুদ্ৰৰে গিজগিজাইছিল গুৱাহাটী মহানগৰী। কিন্তু কালৰূপী কোৰোনাই মাতি অনা কঠিন সময়ে যেন দ্বিতীয়টো বছৰৰ বাবে নিস্তব্ধ কৰি পেলাইছে নীলাচল পাহাৰ।

আজি দুপৰীয়া ২বাজি ৬মিনিট ১০ চেকেণ্ডত প্ৰবৃত্তি হোৱা অম্বুবাচীৰ অহা ২৫জুনৰ নিশা ২বাজি ২৯মিনিট ৯ চেকেণ্ডত নিবৃত্তি হব। কোভিড পৰিস্থিতিৰ বাবে এইবাৰ কেৱল নিয়মমাত্ৰভাৱেই সম্পন্ন হব কামাখ্যা দেৱালয়ৰ পূজা-অৰ্চনা। উল্লেখ্য অম্বুবাচীৰ সময়ত দেৱালয়খনত পুৰোহিতৰ বাহিৰে অন্য সকলোৰে প্ৰৱেশ নিধিদ্ধ কৰিছে প্ৰশাসন তথা মন্দিৰ কৰ্তৃপক্ষই।