অনিৰ্দিষ্ট কাললৈ ধৰ্মঘটত বহিল গৃহৰক্ষী বাহিনী। আৰম্ভ কৰিলে গৃহৰক্ষী বাহিনীৰ অসহযোগ কৰ্মবিৰতি।
সোমবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা এই ধৰ্মঘট অনিৰ্দিষ্ট কাললৈ চলিব বুলি হুংকাৰ দিয়ে দৰং জিলাৰ গৃহৰক্ষী বাহিনীয়ে। সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ দৰং জিলা সমিতিয়ে গ্ৰহণ কৰিছে এই কৰ্মবিৰতি আৰু ধৰ্মঘট কাৰ্যসূচী।
পুৱা ৬ বজাৰ পৰা মঙলদৈ জিলা পুথিভঁৰাল প্ৰাংগনত ৰূপায়ন কৰে এই কাৰ্যসূচী। প্ৰতিবাদী গৃহৰক্ষী জোৱান তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰেও সমকামৰ সম দৰমহা তৎকালীনভাৱে আদায় দিয়া আৰু গৃহৰক্ষী জোৱানৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডেপ্লয়মেণ্ট চিষ্টেম বন্ধ কৰা আদি বিভিন্ন দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।