আজমল ফাউণ্ডেচনৰ উদ্যোগত লকডাউনত সমস্যাৰ সন্মূখীন হোৱা লোকৰ মাজত প্ৰায় ১ লাখ ৭০ হাজাৰতকৈ অধিক খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ

120

ষ্টাফৰিপৰ্টাৰ, ৮ মে’:
লকডাউনৰ ফলত বহুলোক বিভিন্ন সমস্যাৰ সন্মূখীন হবলগা হৈছে ৷ এনে পৰিপ্ৰেক্ষিতত আজমল ফাউণ্ডেচনৰ চি ই অ বদৰুদ্দিন আজমল আৰু ন্যাসৰক্ষী চিৰাজুদ্দিন আজমলে খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা বিতৰন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই মৰ্মে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড০ খচৰুল ইছলামৰ তত্বাৱধানত আৰু আজমল ফাউণ্ডেচনৰ কৰ্মকৰ্তা সকলৰ সহায়ত ইতিমধ্যে লকডাউনত সমস্যাৰ সন্মূখীন হোৱা সকলৰ মাজত প্ৰায় ১ লাখ ৭০ হাজাৰতকৈ অধিক খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰিবলৈ সক্ষম হৈছে ৷ দেওবাৰে দুদিনীয়া কাৰ্যসুচীৰে হাইলাকান্দি জিলাৰ অন্তৰ্গত লালা টাউনৰ হৰি মন্দিৰত লালা ব্যৱসায়ী সন্থাৰ সহযোগত হৰি মন্দিৰ চৌহদত আৰু অসম মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চল গাৰমূৰা,ৰামনাথপুৰ,গাৰদপুঞ্জি,ৰেমাপুঞ্জি,বৰুনচৰা আদি অঞ্চলৰ ৰিয়াং উপজাতি লোকসকলৰ বিভিন্ন জনৰ মাজত সৰ্ব্বমুঠ ৬৫০ টা খাদ্য সামগ্ৰীৰ টোপোলা বিতৰন কৰে ৷ দুয়োদিনৰ কাৰ্যসুচীতে উপস্থিত থাকি আনুষ্ঠানিক ভাৱে খাদ্য সামগ্ৰীৰ টোপোলা সমূহ প্ৰদান কৰে কাটলিচৰা সমষ্টিৰ বিধায়ক চুজামুদ্দিন লস্কৰৰ লগতে আজমল ফাউণ্ডেচনৰ কৰ্মকৰ্তা সকলে ৷ তদুপৰি হৰি মন্দিৰ চৌহদত লালা ব্যৱসায়ী সন্থাৰ সভাপতি বিপ্ৰ কুমাৰ নাগ আৰু অসম মিজোৰাম সীমান্তৱৰ্ত্তী অঞ্চলত ৰিয়াং উপজাতিৰ লালৰুপিয়া ৰিয়াং,পিতাৰাম ৰিয়াং আৰু সম্ভো ৰিয়াং উপস্থিত থাকি আজমল ফাউণ্ডেচনৰ এনে পদক্ষেপৰ বাবে আজমল ফাউণ্ডেচনৰ ট্ৰাষ্টী সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷