সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব উৎপল শৰ্মাক আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব শংকৰজ্যোতি বৰুৱাক। আছুৰ মৰিগাঁৱত অনুষ্ঠিত হোৱা অষ্টাদশ অধিৱেশনৰ বিষয় বাছনি সভাত এই গুৰুদায়িত্ব দুয়োকে প্ৰদান কৰা হৈছে।আছুৰ পূৰ্বৰ সভাপতি দীপাংক কুমাৰ নাথে ব্যক্তিগত কাৰণত আছু ত্যাগ কৰাৰ পাছতে উৎপল শৰ্মাক সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল। তাৰ পাছৰ পৰাই উৎপল শৰ্মা আৰু শংকৰজ্যোতি বৰুৱাই সংগঠনটোৰ গুৰু দায়িত্ব পালন কৰি আহিছিল। মৰিগাওঁ অধিৱেশনত এই দুয়ো নেতাক পুনৰ এটা কাৰ্যকালৰ বাবে এই গুৰু দায়িত্ব প্ৰদান কৰা হয়।