আগষ্ট মাহতো হ’ব প্ৰত্যাহ্বানমূলক-স্বাস্থ্য মন্ত্ৰী

93

ষ্টাফৰিপৰ্টাৰ,আগষ্ট মাহতো হ’ব প্ৰত্যাহ্বানমূলক। লকডাউন খোলাৰ পিছত গুৱাহাটীত দৈনিক এহেজাৰকৈ লোক আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইফালে কৰ’না ভাইৰাছৰ ফলত অসমৰ ইখনৰ পাছত সিখন জিলা সংক্ৰমিত হৈছে। গুৱাহাটীত ৮ হাজাৰ ৩৭৫ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা। যোৰহাটতো সামাজিক সংক্ৰমণে লৈছে মাৰাত্মক ৰূপ। ২৪ ঘণ্টাত জিলাখনত আক্ৰান্ত হৈছে ১২৩ জন। অনিৰ্দিষ্ট কাললৈ লকডাউন দিয়া হৈছে যোৰহাটত। ইফালে ডিব্ৰুগৰত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৬৮জন। লখিমপুৰ, কৰিমগঞ্জ, দৰঙতো ক’ভিডে লৈছে ভয়াৱহ ৰূপ।
গুৱাহাটীত ২০ জুলাইৰ পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই কথা। মহানগৰত কৰ’নাৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু গুৱাহাটী মহানগৰ জিলা প্ৰশাসনে সিদ্ধান্ত লৈছিল লকডাউনৰ।
আনহাতে মহানগৰ জিলা প্ৰশাসনে ঘোষনা কৰা ১৪ দিনীয়া লকডাউনে শুকুৰবাৰলৈকে ১২ দিন অতিক্ৰম কৰিলে। লকডাউনৰ সময়ছোৱাত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰত আনলক প্ৰক্ৰিয়াৰ মাজেৰে লকডাউন উঠাই লোৱাৰ ইংগিত প্ৰদান কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।