আগষ্টত পুনৰ ভয়াবহ হব কোভিড সংক্ৰমণঃ আশংকা গৱেষকৰ

100

ডিজিটেল ডেস্কঃ চলিত মাহতেই ভাৰতত আতংক বিয়পাব কোৰোনা মহামাৰীৰ তৃতীয় ঢৌৱে। এই আশংকা ব্যক্ত কৰিছে চিকিৎসা গৱেষকসকলে।হায়দৰাবাদ আইআইটিৰ গৱেষক মাথুকুমাল্লি বিদ্যাসাগৰ আৰু আইআইটি কানপুৰৰ মনীন্দ্ৰ আগৰৱলাই আশংকা ব্যক্ত কৰা মতে আগষ্ট মাহত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। এই সময়ছোৱাত ভাৰতত এক লাখৰ পৰা ডেৰ লাখ পৰ্যন্ত লোক প্ৰতিদিনে কোৰোনাত আক্ৰান্ত হব বুলিও দাবী কৰিছে গৱেষক দুগৰাকীয়ে।

ইফালে অহা অক্টোবৰ মাহত কোৰোনাৰ সংক্ৰমণ সৰ্বাধিক বৃদ্ধি পাই প্ৰতিদিনে ৪ লক্ষাধিক লোক এই মহামাৰীত আক্ৰান্ত হব পাৰে বুলি আশংকা ব্যক্ত কৰিছে চিকিৎসা গৱেষকসকলে। বৰ্তমান কেৰালা আৰু মহাৰাষ্ট্ৰত পুনৰ এবাৰ বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কোৰোনাৰ তৃতীয় ঢৌ অধিক ভয়াবহ হোৱাৰ আশংকা কৰা হৈছে।

ইফালে এইমছৰ মুৰব্বী ৰণদ্বীপ গুলেৰিয়াই কোৰোনাৰ তৃতীয় ঢৌক লৈ দেশবাসীক সতৰ্ক কৰি দিছে। ৰণদ্বীপ গুলেৰিয়াৰ মতে, লকডাউনৰ শিথিলতা আৰু কোৰোনাৰ ডেল্টা ভেৰিয়েণ্টৰ বাবে দেশত পুনৰ এবাৰ কোভিড সংক্ৰমণ ভয়াবহ হৈ পৰিব পাৰে। এই পৰিস্থিতিত কোভিড ভেকচিন গ্ৰহণ কৰিবলৈও দেশবাসীক আহ্বান জনাইছে গুলেৰিয়াই।