ষ্টাফৰিপৰ্টাৰ, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰী কৰিছে সতৰ্কবাণী। কেন্দ্ৰই আগন্তুক তিনিদিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰৱল বৃষ্টিপাতৰ লগতে ঠায়ে ঠায়ে বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি
সতৰ্কবাণী জাৰী কৰিছে। আনহাতে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল শনিবাৰে বানৰ কবলত পৰে। ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ লগতে শনিবাৰেও ৰাজ্যৰ বানপৰিস্থিতি অপৰিবৰ্তীত হৈ আছে।