আকৌ মাধমাৰ! বাছ ভাড়া ৭০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ…

109

জনতাৰ ওপৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাধমাৰ পৰি থকাৰ সময়তে এইবাৰ বৃদ্ধি পাব যাত্ৰীবাহী বাছৰ ভাড়া।

যাত্ৰীবাহী বাছৰ ভাড়া ৭০ শতাংশ বৃদ্ধি কৰাৰ বাবে ৰাজ্যিক পৰিবহন আয়ুক্তক প্ৰস্তাৱ দাখিল কৰিছে অসম মটৰ পৰিবহণ সন্থাই।

পেট্ৰ’ল-ডিজেলৰ নিয়মিত মূল্যবৃদ্ধিৰ লগতে যান-বাহনৰ মেৰামতি খৰছ, পথ কৰ আদিৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ দাখিল কৰিছে মটৰ পৰিবহন সন্থাই।

উল্লেখ্য যে, যদি বাছৰ ভাড়া ৭০ শতাংশ বৃদ্ধি হয়, তেন্তে যাত্ৰীয়ে চিটিবাছ যাত্ৰাৰ নামত পূৰ্বৰ ১০ টকাৰ পৰিৱৰ্তে এতিয়া ভৰিব লাগিব ১৭ টকা।

সেইদৰে নলবাৰীৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিবলৈ হ’লে পূৰ্বৰ ৭০ টকাৰ ঠাইত এতিয়া ১৪০ টকা দিব লাগিব যাত্ৰীয়ে।

ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বে বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাব দিছিল যদিও পৰিবহন বিভাগে এই প্ৰস্তাব এৰা ধৰাৰ মাজেৰে কাৰ্যকৰী কৰিছিল।

এইবাৰ ৭০% বৃদ্ধি প্ৰস্তাব মটৰ পৰিবহণ সংস্থাৰ পৰিবহন বিভাগে কি দৰে লয় তাৰ ওপৰতেই ৰাইজৰ ভবিষ্যৎ নিৰ্ভৰ কৰিব।