আকৌ নতুন প্ৰভাত হ’ব” শীৰ্ষক কাৰ্যসূচী

101

ষ্টাফৰিপৰ্টাৰ, ঐক্য সেনা অসম কামৰূপ মহানগৰ সমিতিৰ সহযোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত ঐক্য সেনা অসম কেন্দ্ৰীয় সমিতিৰ প্ৰচেষ্টাত আজি “আকৌ নতুন প্ৰভাত হ’ব” শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে দুখীয়া ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। আমি বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ মহানগৰ জিলা প্ৰশাসনৰ ৰাতুল পাঠক,অতিৰিক্ত উপায়ুক্ত, কামৰূপ মহানগৰ জিলা, মিনাক্ষী বৰ্মন, চন্দ্ৰপুৰ ৰাজহচক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন), পুলকেশ ৰায় বৰুৱা, পৰিদৰ্শক, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকৰ কাৰ্য্যালয়, চিন্ময় নায়ক, কনিষ্ঠ সহায়ক, মুখ্য অভিযন্তাৰ কাৰ্য্যালয়,জলসিঞ্চন বিভাগ, বিশাল ভূঞা, জিলা প্ৰবন্ধক, তথ্য-প্ৰযুক্তি বিভাগৰ সঞ্চালকৰ কাৰ্য্যালয় আৰু
মনোজ কলিতা, পৰামৰ্শদাতা,ৰাজহ বিভাগ, কামৰূপ মহানগৰ জিলা।