আকৌ ঘোচকাণ্ড! এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত খাৰুপেটীয়াৰ চক্ৰ বিষয়া আৰু পিএছঅ’

212

পুনৰ ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এইবাৰ অভিযান চলিল খাৰুপেটীয়াৰ ঘোচখোৰ আৰক্ষীৰ বিৰুদ্ধে।

উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰকৰ জালত হাতে-লোটে গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ এগৰাকী চক্ৰ পৰিদৰ্শক আৰু এগৰাকী দেহৰক্ষী জোৱান।

খাৰুপেটীয়া আৰক্ষী চক্ৰ পৰিদৰ্শক অচ্যুত দত্ত আৰু তেওঁৰ PSO দিগন্ত বৰুৱাক গ্ৰেপ্তাৰ।

ৰ্নীতি নিবাৰক শাখাৰ এটা দলে ১০ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে ধৰা পেলাই অচ্যুত দত্ত আৰু দিগন্ত বৰুৱাক।
এই কথা টুইটাৰযোগে সদৰি কৰিছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী জি পি সিঙে।