আকাশ মাৰ্গত ধোঁৱাৰে ভৰি পৰিল স্পাইচজেটৰ যাত্ৰীবাহী বিমান, জৰুৰী অৱতৰণ..

202

এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল স্পাইচজেট বিমান। কেবিন আৰু ককপিটত ধোঁৱা দেখা পোৱাত গোৱাৰ পৰা অহা বিমানখনে হায়দৰাবাদ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয়। বুধবাৰে নিশাৰ এই ঘটনাই যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰে। অৱশ্যে বিমানখনৰ সকলো যাত্ৰী সুৰক্ষিত বুলি জনাইছে বিমান সংস্থাটোৱে।

হায়দৰাবাদ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণৰ পিছত যাত্ৰীসকলক নিৰাপদে নমাই অনা হয়। বিমানবন্দৰৰ এজন বিষয়াই জনোৱা মতে, আতংকিত হৈ বিমানৰ পৰা নামি এজন লোক সামান্য আহত হয়। ককপিট আৰু কেবিন কেনেকৈ ধোঁৱাৰে ভৰি পৰিল সেই কথা জানিবলৈ ডিজিচিএই তদন্তৰ নিৰ্দেশ দিছে।

হায়দৰাবাদ বিমানবন্দৰৰ এজন বিষয়াই জনোৱা মতে, স্পাইচজেট বিমানখনত মুঠ ৮৬ জন যাত্ৰী আছিল। বুধবাৰে নিশা প্ৰায় ১১ বজাত জৰুৰী ভিত্তিত অৱতৰণ কৰে বিমানখন। ফলত কেইবাখনো বিমান বাতিল হোৱাৰ লগতে কেইবাখনো বিমান ডাইভাৰ্ট কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে স্পাইচজেট বিমানখনৰ এজন যাত্ৰীয়ে ছ’চিয়েল মিডিয়াত কেবিন আৰু ককপিটত ধোঁৱাৰ ছবি প্ৰকাশ কৰে। ব্যক্তিজনে দুটাকৈ ভিডিঅ’ পোষ্ট কৰে। ধোঁৱা ওলোৱাৰ পিছতে তেওঁ বিমানত নিজৰ অভিজ্ঞতাও পোষ্ট কৰে। লগতে তেওঁ বিমান পৰিবহণ নিয়ন্ত্ৰণ কোম্পানীটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

ব্যক্তিজনে নিজৰ অভিজ্ঞতা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, স্পাইচজেট কৰ্তৃপক্ষ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক টেগ কৰে। গোৱাৰ পৰা নাগপুৰলৈ উভতি অহাৰ সময়ত বিমানখনৰ ভিতৰৰ অংশ ধোঁৱাত ঢাকি ৰখাৰ বাবে হাথাইয়ে উদ্বেগ প্ৰকাশ কৰে। অৱশেষত প্ৰায় ২০ মিনিটৰ পিছত ভাগ্য ভাল যে জীয়াই আৰু নিৰাপদে অৱতৰণ কৰিলেও আন এটা টুইটত উল্লেখ কৰা হৈছে। ঘটনাৰ বাবে কোন দায়ী সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। লগতে, যাত্ৰীজনে এই ঘটনাৰ বাবে স্পাইচজেট কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে দোষাৰোপ কৰে।