বিমান বন্দৰৰ পৰা উৰা মৰাৰ কেইমিনিটমানৰ পিছতে বিমানৰ পৰা বিচ্ছিন্ন হৈ পৰিল বিমানৰ এখন দুৱাৰ। ইয়াৰ পিছতে তীব্ৰ আতংকই বিৰাজ কৰে যাত্ৰীসকলৰ মাজত। আলাস্কা এয়াৰলাইন্সে নিজৰ এক্স হেণ্ডেলৰ জৰিয়তে এই দুৰ্ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে নেটিজনসকলেও আশ্বৰ্য ব্যক্ত কৰিছে।
আলাস্কা এয়াৰলাইন্সে প্ৰকাশ কৰা মতে, শনিবাৰে সন্ধিয়া পৰ্টলেণ্ডৰ পৰা কেলিফৰ্ণিয়াৰ অন্টাৰিঅ’লৈ উৰা মাৰিছিল এএছ২৮২ নম্বৰৰ বয়িং ৭৩৭-৯ মেক্স বিমানখনে। কিন্তু বিমানখনে উৰা মৰাৰ মাত্ৰ কেইমিনিটমানৰ পিছতে বিমানখনৰ এক্সিট ড’ৰখন উভালি বিমানৰ পৰা বিচ্ছিন্ন হৈ পৰে। আৰু এই ঘটনাৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকময় পৰিৱশৰ সৃষ্টি হয়।
পিছত সুৰক্ষিতভাৱে বিমানখন পৰ্টলেণ্ড বিমান বন্দৰলৈ পুনৰ ওভতাই পঠিওৱা হয়। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে প্ৰকাশ কৰা মতে, বিমানখনৰ সৈতে সংঘটিত এই দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।
উল্লেখ্য যে, আজিৰ এই কাণ্ডৰ সৈতে জড়িত বয়িং ৭৩৭ মেক্স বিমানখন ২০২৩ চনৰ ১ অক্টোবৰত আলাস্কা এয়াৰলাইন্সলৈ প্ৰেৰণ কৰা হৈছিল। ২০২৩ চনৰ ১১ নৱেম্বৰৰ পৰা বাণিজ্যিক সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছিল বিমানখনে।
Flightradar24ৰ মতে, এই বিমানখনে এতিয়ালৈকে মাত্ৰ ১৪৫ বাৰহে উৰা মাৰিছে। ৭৩৭-৯ মেক্সৰ উইংছৰ পিছফালে অন্তৰ্ভুক্ত কৰা হৈছে কেবিনৰ এক্সিট দুৱাৰ। ক্লিয়াৰেন্সৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইয়াক বহাৰ ব্যৱস্থাত সক্ৰিয় কৰা হৈছে