আকাশমাৰ্গতে ভয়ংকৰ অগ্নিকাণ্ড যাত্ৰীবাহী বিমানত। বিমান বন্দৰৰ পৰা উৰা মৰাৰ কিছুসময় পিছতে যাত্ৰীবাহী বিমানখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত ঘটে। তাৰ পিছতে কিছু সময় আকাশমাৰ্গতে উৰি থকাৰ পিছত জৰুৰী অৱতৰণ কৰা হয় বিমানখনৰ।
অৱশ্যে এই দুৰ্ঘটনাত বিমানখনৰ কোনো যাত্ৰী হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, দেওবাৰে পাটনা বিমান বন্দৰৰ পৰা দিল্লী অভিমুখে উৰা মৰাৰ ক্ষন্তেক পিছতে স্পাইচজেটৰ যাত্ৰীবাহী বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়।
Delhi-bound #SpiceJet aircraft's engine catches fire mid-air, makes emergency landing at #Patna airport.
— The Times Of India (@timesofindia) June 19, 2022
Video 👇 pic.twitter.com/KOhq4dNcsc
দুপৰীয়া প্ৰায় ১২.১০ বজাত স্পাইচজেটৰ বিমানখনে উৰা মৰাৰ পিছতে কাৰিকৰী বিসংগতিৰ বাবে ইঞ্জিনত জুইৰ সূত্ৰপাত হয়। ইয়াৰ পিছতে কেইবামিনিট বিমানখন আকাশমাৰ্গত উৰি থকাৰ পিছত জৰুৰী অৱতৰণ কৰে।
বিমানবন্দৰৰ কাষৰীয়া স্থানীয় বাসিন্দাসকলে এই দৃশ্য প্ৰত্যক্ষ কৰা বুলি দাবী কৰে।
এই দুৰ্ঘটনাৰ পিছতে এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে, কোনো লোক হতাহত হোৱা নাই। যাত্ৰীসকলক বিকল্প বিমানেৰে দিল্লীৰ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। বিমানখনত জুইৰ সূত্ৰপাত কিদৰে হ’ল তাৰ তদন্ত কৰা হ’ব বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে।
