আকাশমাৰ্গতে যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড, ২৩ জনৰ মৃত্যু, সন্ধানহীন ১৭ যাত্ৰী

81

ইণ্ডোনেছিয়ানৰ বিমান সেৱাৰ কে এম কাৰয়া নামৰ যাত্ৰীবাহী বিমানখনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত বিমানখনৰ ভিতৰত থকা ২৩ গৰাকীৰ যাত্ৰীৰ থিতাতে মৃত্যু ঘটাৰ লগতে বৰ্তমানেও সন্ধানহীন হৈ আছে ১৭ গৰাকী যাত্ৰী।

জানিব পৰা মতে, শতাধিক যাত্ৰীক লৈ উৰা মৰা বিমানখন ইণ্ডোনেছিয়াৰ মৌলোকা সাগৰত স্থানীয় সময়ানুসৰি পুৱা ৭ বজাত আকাশমাৰ্গতে অগ্নিকাণ্ডত পতিত হয়। যাৰ ফলত বিমানখনৰ ভিতৰত থকা ২৩ গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু ঘটে। ইফালে সন্ধানহীন হৈ থকা ১৭ গৰাকী যাত্ৰীক বিচাৰি সন্ধান অভিযান আৰম্ভ কৰিছে দেশখনৰ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী বাহিনীয়ে।