‘
ষ্টাফ ৰিপোৰ্টাৰ: এটি দুর্গত শিশু । নগাওঁ জিলাৰ বঢ়মপুৰ নিবাসী মৰঙীয়ালৰ সন্তান এই শিশুটিৰ নাম বিতোপন । সপ্তম শ্রেণীৰ ছাত্র বিতোপনৰ জীৱনলৈ নামি আহিছে গভীৰ অমানিশা । মাত্র দুবছৰতে মাতৃয়ে এৰি যোৱা বিতোপনক পিতৃয়ে দ্বিতীয় বিবাহ কৰি আওকাণ কৰে । বর্তমান একমাত্র আইতাকৰ সৈতে এখন দোকান দি বিতোপনে কোনোমতে জীৱন-নির্বাহ কৰি আছে । বিভিন্ন সংবাদ-মাধ্যম যোগে উক্ত বাতৰিটো সম্প্রচাৰ হোৱাৰ লগে লগে বিতোপনৰ অৱস্থাৰ বুজ লোৱাৰ লগতে পার্যমানে শিশুটিলৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে উপস্থিত হয় পর্দা আৰু ভ্রাম্যমাণ মঞ্চজগতৰ অভিনেত্রী তথা ‘আকাংক্ষা’ শীর্ষক স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক আশা বৰদলৈ। আশা বৰদলৈৰ তত্ত্বাৱধানত ‘আকাংক্ষা’ শীর্ষক উক্ত সংগঠনটোৱেও বিভিন্ন সময়ত অভাৱগ্রস্ত তথা আর্থিকভাৱে জুৰুলা লোকসকললৈ সহায়ৰ হাত আগবঢ়াই আহিছে । আশাই ব্যক্তিগতভাৱে বিতোপনৰ সন্মুখত থিয় দি শিশুটিৰ সৈতে মনৰ ভাব বিনিময় কৰাৰ লগতে খাদ্যকে ধৰি কিছু অত্যাৱশ্যকীয় সামগ্রী প্রদান কৰি আর্থিকভাৱে সকাহ প্রদান কৰে । অনাগত দিনটো পার্যমানে বিতোপনলৈ সহায়-সহযোগিতা আগবঢ়াব বুলিও আশাই লগতে প্রকাশ কৰে । এই সন্দর্ভত অভিনেত্রীগৰাকীয়ে নিজৰ মনৰ ভাব ব্যক্ত কৰি কয়, ‘ইমান কম বয়সতে বিতোপনৰ নিচিনা এটি কণমানি শিশুৱে নিজৰ লগতে আইতাকৰ পোহপালৰ দায়িত্ব লোৱাটো নিশ্চিতভাৱে এক সাহসী পদক্ষেপ । মই বিচৰানাই যে বিতোপনে দোকান দি আইতাকক পোহপাল দিয়ক, কিন্তু পৰিস্থিতিয়ে তেওঁক বাধ্য কৰাইছে । আর্থিকভাৱে তেওঁলোকৰ দায়িত্ব ল’বলৈ কোনো আগুৱাই নহাত জীয়াই থকাৰ তাড়ণাত বিতোপনে দোকান দিবলগীয়া হয় । সামাজিক দায়বদ্ধতা হিচাপে মই বিতোপনৰ কাষলৈ আহিলো, তেওঁৰ লগতে তেওঁৰ আইতাকৰ লগত দুআষাৰ কথা পাতিলো তথা যিমানখিনি পাৰো সহায় কৰাৰ নিমিত্তে তেওঁলোকৰ ওচৰত মই থিয় দিলো । মই কথা দিছো যে, অনাগত দিনতো বিতোপনৰ পঢ়া-শুনাৰ দিশত মই পার্য্যমানে সহায় আগবঢ়াম । এইখিনি সময়ত কেৱল মাত্র এটাই আশা কৰিছো যে, বিতোপনে পঢ়ক আৰু ভৱিষ্যতে নিজকে সু-নাগৰিক হিচাপে গঢ় দি সমাজখনৰ বাবে এক আদর্শ হিচাপে চিহ্নিত হওঁক ।‘ আশাৰ এই মহানুভৱতাৰ সাংস্কৃতিক মহলে ভূয়সী প্রশংসা কৰে ।